আপুনি বাৰু কেব (Uber, Ola)ত যাত্ৰা কৰে নেকি?যদি কৰে তেন্তে সাৱধান হওঁক! কিয়নো আপোনাৰ পৰাও দুষ্ট চক্ৰই লুটি নিব পাৰে লাখ লাখ টকা......

blackmail

কেবত যাত্ৰা কৰায় কাল হ'ল এগৰাকী মহিলাৰ বাবে। নিজৰ গন্তব্য স্থানলৈ বুলি লক্ষ্য কৰি মহিলাগৰাকীয়ে বুকিং কৰিছিল এখন কেব। তাৰ পিছতে কেবত উঠি যাত্ৰা আৰম্ভ কৰিছিল। কেবত বহি বন্ধুৰ সৈতে কথা পতাৰ মচগুল হৈ পৰিছিল মহিলা গৰাকী। মহিলাগৰাকীৰ জীৱনৰ বহু গোপন কথা শ্বেয়াৰ কৰিছিল বন্ধুৰ সৈতে। আৰু অৱশেষত তাৰে সুবিধা ল'লে কেব চালকজনে।

taxi

উল্লেখ্য যে, এই ঘটনাটো সংঘটিত হৈছে বাংগালুৰুত। এগৰাকী মহিলাই নিজৰ বৈবাহিক জীৱনৰ সমস্যাবোৰ ভাগ বতৰা কৰাৰ লগতে বিবাহ বিচ্ছেদৰ পৰিকল্পনা কৰিছিল বন্ধুৰ সৈতে। কিন্তু মহিলাগৰাকীয়ে কেতিয়াও কল্পনাই কৰা নাছিল যে সেই মূহুৰ্তখিনিয়ে তাইৰ বাবে কাল হৈ পৰিব।

মহিলাগৰাকীৰ সকলো গোপন কথা জনাৰ পিছত মহিলাগৰাকীক ব্লেক মেইল কৰিবলৈ আৰম্ভ কৰে চালকজনে। আনহাতে কেব চালকজন কিৰণ কুমাৰ বুলিও জানিব পৰা গৈছে। কিৰণ কুমাৰে বিচৰা বস্তু নিদিলে স্বামীক সকলো কথা ক'ব বুলিও ভাবুকি প্ৰদান কৰিছিল ।

blackmail

জনোৱা মতে, কুমাৰে ছ'চিয়েল মিডিয়াত মহিলাগৰাকী আৰু তেওঁৰ স্বামীক বিচাৰি উলিয়াইছিল। শেষত উপায়ন্তৰ হৈ চালকজনৰ দাবীসমূহ মানি লয় মহিলাগৰাকীয়ে।

কেব চালকজনে মহিলাগৰাকীৰ পৰা সোণৰ আ-অলংকাৰৰ লগতে, ২০ হাজাৰ টকা দাবী কৰে। ভয়, শংকা আৰু হতাশাত ভুগি কেব চালকজনৰ দাবী পুৰণ কৰে যদিও মানসিকভাৱেও অত্যাচাৰ চলায় মহিলাগৰাকীৰ ওপৰত। আৰু তাৰ পাছতে বাংগালুৰুৰ আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী। 

blackmail

আৰক্ষীৰ ভাষ্য অনুসৰি, এই ঘটনাটো ২০২২ চনৰ নৱেম্বৰ মাহৰে। আনহাতে, ৰামমূৰ্তি নগৰ আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক মৌনেশ ডোদামণিয়ে ৰাজহুৱা পথত সুৰা সেৱন কৰাৰ বাবে কেইজন মান যুৱকক সোধা-পোছা কৰাৰ সময়তে লক্ষ্য কৰে যে তেওঁলোকে তাত ৯,৯০০টকীয়া প্ৰিমিয়াম স্কচ ব্ৰেণ্ডৰ সুৰাপান কৰি আছিল। 

সাধাৰণ কেব চালক হৈ ইমান দামী ব্ৰেণ্ডৰ সুৰাপান কৰাত সন্দেহ উপজিছিল আৰক্ষীৰ। তাৰ পিছত আৰক্ষী উপ-পৰিদৰ্শকজনে এজন কেব চালক ওচৰলৈ গৈ নাম সুধাত নিজৰ নাম প্ৰবীণ বুলি মিছা মাতিছিল।

আৰক্ষীয়ে ভাষ্য অনুসৰি, সুৰামত্ত কেব চালকজনৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰাত তেওঁ কিৰণ কুমাৰ বুলি পৰিচয় পায় আৰু সমগ্ৰ ঘটনাৰ উৰহীৰউৰ ধৰা পৰে। 

প্ৰথম অৱস্থাত ভয় আৰু আশংকাত দুষ্ট চক্ৰৰ বলি হৈ অৱশেষত আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয় মহিলা গৰাকী। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত কিৰণক ২৮ জুলাইত গ্ৰেপ্তাৰ কৰি, তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

Category
Profile picture for user UB Photos