
দিল্লীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দিল্লীৰ ৰোহিনী অঞ্চলৰ এটা জীমৰ ট্ৰেডমিলত দৌৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন ২৪ বছৰীয়া যুৱকৰ। মৃত যুৱকজন ৰোহিনী ছেক্টৰ ১৯ৰ বাসিন্দা সাক্ষম প্ৰকৃতি বুলি জানিব পৰা গৈছে ।

এক প্ৰতিবেদন অনুসৰি মঙলবাৰে সন্ধিয়া জীমত ট্ৰেডমিলত ব্যায়াম কৰি থকা অৱস্থাতে সাক্ষম বাগৰি পৰে। ততাতৈয়াকৈ তেওঁক ৰোহিনী ছেক্টৰ ৬ৰ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে।

আনহাতে, মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । লগতে জীমৰ মেনেজাৰ অনুভ ডুগলক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ২৮৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
উল্লেখযোগ্য যে, এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত আছে।
- Log in to post comments