হোৰাহোৰে বৃদ্ধি হৈছে নেকি বিদ্যুতৰ বিল? যদি বাঢ়িছে, তেনেহলে এতিয়াই মানি চলক এইকেইটা Tips.........

bill

গৰমৰ দিন তাতে আকৌ স্মাৰ্ট মিটাৰ, বিদ্যুতৰ বিল দেখিলে চাগে আপোনাৰো চকু কপালত উঠে । কেতিয়াবা কেতিয়াবাটো বিদ্যুতৰ বিল ইমানেই বেছিকৈ আহে যে আমিয়েই আচৰিত হৈ উঠো। বিদ্যুতৰ বিলৰ বাবে যদি আপুনিও অশান্তি পাই আছে তেন্তে আজিয়ে মানি চলক এই কেইটা নিয়ম.....

বহুসময়ত, বিদ্যুতৰ অযথা খৰচৰ বাবে বিল বহুত বেছি আহে। এনে সময়ত বিদ্যুতৰ সঠিক ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ উঠে। আপুনি আপোনাৰ ঘৰখনত কিছু সাল-সলনি কৰিব লাগিব। যাৰ জৰিয়তে আপুনি ইচ্ছা কৰিলে বিদ্যুতৰ বিল হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে আছে কিছুমান Tips। 

bill

যদি আপোনাৰ ঘৰত থকা ACটো যথেষ্ট পুৰণি বা কম ৰেটিং থকা বা নন-ইনভাৰ্টাৰ হয়, তেন্তে আপোনাৰ বিদ্যুতৰ বিল বেছি অহাটোৱে স্বাভাৱিক। বিদ্যুতৰ বিল কম কৰিবলৈ নতুন ইনভাৰ্টাৰ AC কিনিব পাৰে। নহ’লে ২৪ৰ পৰা ২৫ ডিগ্ৰী উষ্ণতাত AC চলাওক। এই কামটো কৰিলে AC-এ বেছি বিদ্যুৎ খৰচ নকৰে । 

লগতে উইণ্ড’ AC কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ব্যৱহাৰে বিদ্যুতৰ বিল বেছি কৰে। বেছি ৰেটিং থকা ইনভাৰ্টাৰ AC-এ বিদ্যুতৰ বিল বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

যদি আপুনি এতিয়াও ঘৰত CFL বাল্ব ব্যৱহাৰ কৰি আছে, তেন্তে তৎক্ষণাত সলনি কৰক আৰু ঘৰত লগাওক LED বাল্ব।

ঘৰত উন্নত মানৰ কেবল আৰু ডিভাইচ ব্যৱহাৰ কৰক। শক্তিৰ কেবলৰ বাবে নিম্নমানৰ কেবল ব্যৱহাৰ কৰিব নালাগে। এই কাৰণে সদায় ISI চিহ্নিত সামগ্ৰী ব্যৱহাৰ কৰক, যাতে বিদ্যুতৰ ব্যৱহাৰ কম হয় আৰু যিকোনো ধৰণৰ দুৰ্ঘটনাৰ সম্ভাৱনা কম হয়।

যেতিয়াই ঘৰৰ বাবে যিকোনো ইলেক্ট্ৰনিকছৰ সামগ্ৰী কিনিব তেতিয়াই কেৱল Energy BEE স্তৰৰ ডিভাইচহে কিনিব। এনে যন্ত্ৰত কম বিদ্যুৎ খৰচ হয় ।

Category
Profile picture for user UB Photos