পুনৰ ৰে'ল দুৰ্ঘটনা; দাওদাওকৈ জ্বলি উঠিল চলন্ত ৰে’ল...তিনিটাকৈ ডবা জুইত ভস্মীভূত...

train

তেলেংগানাত ফলকনুমা এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড। দাওদাওকৈ জ্বলি উঠিল চলন্ত ৰে’ল । নিমিষতে জুয়ে আৱৰি ধৰে ৰে’লখনৰ তিনিটাকৈ ডবা । শুকুৰবাৰে য়দাদ্ৰী জিলাত সংঘটিত হয় এই ঘটনাটো। 

train

train

উল্লেখ্য যে, দুৰ্ঘটনাৰ পিছতে হাওৰাৰ পৰা ছিকন্দ্ৰাবাদলৈ যাবলগীয়া ৰে’ল বোম্মাইআলী গাঁৱৰ সমীপত ৰখাই দিয়া হয়।

train

অগ্নিকাণ্ড সংঘটিত হোৱা ৰে’লখনৰ যাত্ৰীসকলৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। জুয়ে আৱৰি ধৰাৰ পূৰ্বে সকলো যাত্ৰী ৰে’লৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।

Category
Profile picture for user UB Photos