
এতিয়াও শান্ত হোৱা নাই চুবুৰীয়া ৰাজ্য মণিপুৰ । দেওবাৰে পুৱাৰ ভাগতে পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চুবুৰীয়া ৰাজ্যখনত। মেইতেই আৰু কুকি এই দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষই সময়ৰ গতিত পৰিস্থিতি অধিক বেয়ালৈ পৰিণত কৰিছে।
উল্লেখ্য যে, দেওবাৰে পুৱাই মণিপুৰত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ লাইনগৌপীত সৃষ্টি হৈছে ৰক্তাক্ত পৰিৱেশৰ। নিশা বিদ্রোহীৰ গুলীত নিহত ৩জনকৈ লোক। নিহত আটাইকেইজন মেটে সম্প্রদায়ৰ বুলি জানিব পৰা গৈছে ।
আনহাতে, এই ঘটনাৰ পিছতে এখন কুকি গাঁৱত উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে । এখন নৈয়ে বিভক্ত কৰা দুখন গাঁৱৰ মাজত এই সংঘৰ্ষৰ সৃষ্টি হৈছে। যাৰ বাবে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি।
এনে ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণ বাবে সমগ্ৰ অঞ্চলটোত হ্ৰাস কৰা হৈছে সান্ধ্য আইনৰ সময়সীমা । পুৱা ৫ বজাৰ পৰা ১০ বজালৈ শিথিল কৰা হৈছে সান্ধ্য আইন ।
- Log in to post comments