চলন্ত বাছত জুই লাগি ২৫ জন যাত্ৰীৰ মৃত্যু, কিন্তু কেনেকৈ চলন্ত বাছত লাগিল জুই?

fire

এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত নিশাৰ ভাগত চলন্ত বাছত জুই লাগি ২৫ জন যাত্ৰীৰ মৃত্যু ৷ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই যাত্ৰীৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ ৷

fire

উল্লেখ্য যে, নাগপুৰৰ পৰা পুণে অভিমুখে গৈ আছিল দুৰ্ঘটনাত পতিত হোৱা বাছখন ৷ কিন্তু হঠাতেই সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছ হাইৱেৰ বুলধানাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ 

fire

পিম্পলখুঁটা গাঁৱৰ সমীপত নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত ২৫গৰাকী যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় ৷ দুৰ্ঘটনাত পতিত বাছখনত সৰ্বমুঠ যাত্ৰী আছিল ৩৩ জন ৷ নিহত অধিকাংশ যাত্ৰীয়ে নাগপুৰ, ৱাৰ্ধা আৰু যামতমলৰ বুলি জানিব পৰা গৈছে ৷

আনহাতে, ঘটনাত অগ্নিদগ্ধ ৮ জনকৈ লোক ৷ ট্ৰায়াৰ বিস্ফোৰণৰ পাছতে ডিভাইডাৰত খুন্দা মাৰি জ্বলি উঠে বাছখন ৷ 

fire

বৰ্তমান আহতসকলক বুলধানা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীলৈ ৰাওনা হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে ৷ 

aknath

 

Category
Profile picture for user UB Photos