ফাট বিহু মঞ্চত লজ্জাজনক ঘটনা, হুঁচৰি দলক অপদস্থ উদযাপন সমিতিৰ

ফাট বিহু আয়োজক সমিতিৰ এক লজ্জাজনক কাৰ্যই বিহু প্ৰেমীসকলৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

ফাট বিহু মঞ্চত লজ্জাজনক ঘটনা
হুঁচৰি দলক অপদস্থ উদযাপন সমিতিৰ
মঞ্চৰ পৰা গতিয়াই বাহিৰ কৰিলে হুঁচৰি দলক
বিহু পৰিৱেশন কৰি থকাৰ মাজতে এনে ব্যৱহাৰ
এগৰাকী বিহুৱাৰ মূৰত মাইক্ৰ’ফোনেৰেও আক্ৰমণ
পূৰ্ণ বয়স্কৰ হুঁচৰি প্ৰতিযোগিতাত অবাঞ্চিত ঘটনা
এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া


ফাট বিহু আয়োজক সমিতিৰ এক লজ্জাজনক কাৰ্যই বিহু প্ৰেমীসকলৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। ঘিলামৰাৰ "বৰদৈচিলা" নামৰ বিহু দলটিয়ে ফাট বিহু মঞ্চত বিহু পৰিবেশন কৰি থকা অৱস্থাত নিৰ্ধাৰিত সময় হোৱাৰ আগতেই বিহু সামৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে উদযাপন সমিতিৰ একাংশ সদস্যই মঞ্চৰ পৰা গতিয়াই গতিয়াই দলটোক বাহিৰ কৰি দিয়াৰ উপৰিও এগৰাকী বিহুৱাৰ মূৰত মাইক্ৰফোণেৰে আঘাত কৰে। আয়োজক সকলৰ এনে অশোভনীয় কৰ্ম কাণ্ডক একে মুখে গৰিহণা দিছে ৰাজ্যৰ প্ৰতিগৰাকী সংস্কৃতিবান মানুহে।

Category
Profile picture for user UB Photos