ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলে উপভোগ কৰিলে বহু চৰ্তিত হিন্দী ছবি 'দ্য কেৰেলা ষ্টৰী'

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সঁহাৰি জনাই ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলে উপভোগ কৰিলে বহু চৰ্তিত হিন্দী ছবি ‘দ্য কেৰেলা ষ্টৰী’।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সঁহাৰি জনাই ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলে উপভোগ কৰিলে বহু চৰ্তিত হিন্দী ছবি ‘দ্য কেৰেলা ষ্টৰী’।

হিন্দু ক্ৰান্তি দলৰ ডিব্ৰুগড় জিলা সমিতিৰ ৫০জনীয়া দলটোৱে শ্ব’হামৰ গেলেৰীয়া চিনেমা হলত ছবিখন সমূহীয়াভাৱে উপভোগ কৰে।

ছবিখন উপভোগ কৰাৰ পিছত সংগঠনটোৰ নেতৃত্বই হিন্দুৰ সভ্যতা-সংস্কৃতি ৰক্ষা কৰিবলৈ প্ৰতিজন হিন্দুক ‘দ্যা কেৰেলা ষ্টৰী’ উপভোগ কৰিবলৈ আহ্বান জনায়।

আনহাতে হিন্দু ভগ্নীসকলে যাতে লাভ জেহাদৰ বলি হ’বলগীয়া নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সকলোকে ছবিখন উপভোগ কৰাৰ আহ্বান হিন্দু ক্ৰান্তি দলৰ।

 

Category
Profile picture for user UB Photos