গজালি ওলোৱা মগু খাওক আপুনি! ইয়াৰ আছে অনেক উপকাৰিতা!

Health Tips

 

গোটা মগু মাহ কেইঘন্টামান তিয়াই টুকি ৰাখিলেই এদিনৰ পিছত গজালি ওলায়। গজালি ওলোৱা মগুৰ আছে বহুতো গুণ। কিছুমান হল-

ক) গজালি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।

খ) গজালি ওলোৱা মগু খালে খাদ্যনলী পৰিস্কাৰ হয়।

গ) গজালি ওলোৱা মগু খালে শৌচ খোলোচা হয়।

ঘ) গজালি মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

ঙ) ই ডায়েবেটিচ ৰোগীৰ কাৰণেও উপকাৰী।

চ) গজালি মগুত থকা আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰটিন আদিয়ে শৰীৰৰ পুষ্টিসাধন কৰে।

ঙ) গজালি মগুৱে চুলিৰ গুৰি শক্তিশালী কৰে। আৰু চুলি সৰাত বাধা দিয়ে।

চ) ই শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰে।

ছ) নখৰ বাবেও উপকাৰী গজালি মগু।

জ) গজালি মগু খালে চাল নিমজ আৰু উজ্বল হয় আৰু চৰ্মৰোগ হোৱাত ৰোধ কৰে।

Category
Profile picture for user UB Photos