নিষ্ঠুৰ নিয়তি! গৰাকীৰ নিথৰ হাত খনৰ কাষত অসহায় প্ৰভুভক্ত!

Turkey Earthquake

ধ্বংসস্তুপত পৰিণত তুৰস্ক।সোমবাৰে তুৰ্কী আৰু চিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই প্ৰাণ কাঢ়িলে ৮০০০ হাজাৰৰো অধিক লোকৰ। এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে। এতিয়া মাথো তুৰ্কীৰ দুখ লগা ছবিয়ে কন্দুৱাইছে বিশ্ববাসীক।ধ্বংসস্তুপৰ মাজতেই অসহায় এটা কুকুৰ। গৰাকীৰ নিথৰ হাত খনৰ কাষত বহি সহায়ৰ ভিক্ষা কৰিছে প্ৰভুভক্তই।

উল্লেখ্য যে ভূমিকম্পৰ কেন্দ্ৰস্থল তুৰ্কীৰ নুৰদাগী চহৰৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ পূব আনাটোলিয়ান ক্ৰুটিৰ এপৰত প্ৰায় ১৮ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল।

 

Category
Profile picture for user UB Photos