কিচমিচ খাই নে আপুনি? কিচমিচৰ আছে বহুতো গুণ!

Dry fruits

ড্ৰাই ফ্ৰুইট কিচমিচৰ আছে বহুতো গুণ। জানো আহক-

 

১) বিদ্যাৰ্থীৰ মনোযোগ, স্মৃতিশক্তি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সঠিক মাত্ৰাত কিচমিচ খোৱাটো উপযোগী।

২) দূষিত বায়ু / পিত্ত ৰোগ দূৰ হয়।

৩) শৰীৰত ৰক্ত বৃদ্ধি হোৱাত সহায় কৰে।

৪) কিচমিচ শক্তিদায়ক আৰু অতি পুষ্টিকাৰক হোৱা হেতুকে ৰুগীয়া মানুহক খুৱালে সুফল পোৱা যায়।

৫) কিচমিচে শৰীৰৰ ওজন বঢ়ায়।

৬) কিচমিচে কিডনী পৰিস্কাৰ তথা সংক্ৰমণ দূৰ কৰে।

৭) কিচমিচৰ সেৱনে কলেষ্টেৰল আৰু উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰণ কৰে। হাওফাও, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে।

৮) কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। এই ৰোগত ভোগা ব্যক্তিয়ে চিকিৎসকক সুধি খাব পাৰে।

৯) মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।

১০) বহুমূত্ৰ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে।

১১) গাঁঠিৰ বিষ আৰু হাড়ৰ বাবে উপযোগী।

১২) যিকোনো জ্বৰ বা শাৰীৰিক দুৰ্বলতাত কিচমিচ অতি উপকাৰী।

১৩) পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি হয়।

১৪) কিচমিচে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

১৫) কিচমিচে আমাৰ পাচন নাইবা হজম প্ৰক্ৰিয়াত সহায় কৰে৷ যিবিলাক লোকৰ গেছৰ সমস্যা, শৌচৰ সমস্যা, গেষ্ট্ৰিক, ডায়েৰীয়া আদি আছে তেওঁলোকে কিচমিচ খাব লাগে৷ 

গতিকে, কিচমিচ আমাৰ দেহৰ বাবে অতি উপকাৰী ফল। সেয়ে কিচমিচ খাওক আৰু সুস্থ থাকক।

 

Category
Profile picture for user UB Photos