অৱশেষত আৰক্ষীৰ জালত পৰিল ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকা্ণ্ডৰ সৈতে জড়িত পাঁচটা ডকাইত। যোৱা ২১ নৱেম্বৰত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা এই হত্যাকাণ্ড। মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত এটা ছজনীয়া গেঙ জড়িত।
অভিযুক্ত কেইজন হৈছে শ্বাহ আলম, সজল আলী, জয়দেৱ মহন্ত, জিতুমণি বৰ্মন, হৰেন পাটগিৰি। এজন এতিয়াও পলাতক। ৰঞ্জিত বৰাক গুলীয়াইছিল শ্বাহ আলমে।
উল্লেখ্য যে তিনি সপ্তাহ আগৰ পৰাই ৰঞ্জিত বৰাৰ গতিবিধি নিৰীক্ষণ কৰিছিল অপৰাধীয়ে। সুযোগ বুজি উক্ত দিনা ঘটনাটো সংঘটিত কৰিছিল। এখন বাইক ব্যৱহাৰ কৰিছিল হত্যাকাণ্ডটোত। বাইক খন চলাইছিল সজল আলীয়ে।
বিগত কেইবছৰমান ধৰি এই গেংটোৱে সংঘটিত কৰিছে কেইবাটাও ডকাইতি কাণ্ড। আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে এই কথা। মহানগৰীৰ পল্টন বজাৰত ২০২২ চনৰ ১৯ জানুৱাৰীৰ গেছ এজেন্সিৰ কৰ্মচাৰী সঞ্জীৱ মেধিৰ হাতৰ পৰা ৩,০৪,৪২০ টকা লুট কৰি নিছিল। মহানগৰীৰ সাতগাঁৱত ২০১৯ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত গহনা ব্যৱসায়ী প্ৰসেনজিৎ মদকৰ হাতৰ পৰা ৪০ লাখ টকাৰ সোণৰ গহনা লুট কৰি নিছিল। নলবাৰীৰ মুকালমুৱাত ২০২৩ চনৰ ৩১ জানুৱাৰীত ব্যৱসায়ী আমীৰ আলী প্ৰধানৰ হাতৰ পৰা ১১ লাখ টকা লুট কৰি নিছিল। কামৰূপৰ চাংসাৰিত ২০২২ চনৰ ৫ ডিচেম্বৰত ব্যৱসায়ী ৰণজিৎ নাথৰ হাতৰ পৰা ৩১ লাখ টকা কাঢ়ি নিছিল। এই সংক্ৰান্তত গুৱাহাটীকে ধৰি মুকালমুৱা আৰক্ষী থানা আৰু চাংসাৰি থানাত গেং অৱ ছিক্সৰ বিৰুদ্ধে গোচৰ পঞ্জীৱন হৈ আছে।
- Log in to post comments