ভাল দিন ঘূৰি আহিছে! অসমীয়া ছবি ‘ডক্তৰ বেজবৰুৱা ২’ য়ে সৃষ্টি কৰিলে অভিলেখ

Assamese Film

৩ ফ্ৰেব্ৰুৱাৰীত মুক্তি লাভ কৰিলে অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ পৰিচালিত ডক্তৰ বেজবৰুৱা ২ য়ে। অসমৰ ১৪২ খন পৰ্দা আৰু দেশৰ আঠটা ছবিঘৰত মুক্তি লাভ কৰা এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবি ডক্তৰ বেজবৰুৱা ২য়ে দৰ্শকৰ পৰা লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি।

মুক্তিৰ প্ৰথম দিনটোতে ছবিখনে উপাৰ্জন কৰিলে ৪১.২ লাখ টকা। ভংগ কৰিলে ৰত্নাকৰৰ উপাৰ্জনৰ ৰেকৰ্ড। অসমীয়া ছবিৰ ইতিহাসত প্ৰথম দিনৰ সৰ্ব বৃহৎ উপাৰ্জনৰ ৰচিলে অভিলেখ। আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ নিপন গোস্বামী, কিংকিনি গোস্বামী, মাধুৰীমা চৌধুৰী, অৰুণ হাজৰিকা অভিনীত ছবি খন চাবলৈ শিল দল ভাঙি লোক আহিছে।

Category
Profile picture for user UB Photos