চলচিত্ৰপ্ৰেমীলৈ ভাল খবৰ! মুক্তি পালে অসমীয়া ছবি 'অনুৰ'

Anur

আজি ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি লাভ কৰিলে অসমীয়া চিনেমা অনুৰে। অনুৰাধা শৰ্মা পূজাৰীৰ এটা গল্পৰ আধাৰত নিৰ্মিত এই ছবিখনক লৈ আশংকাৰ সৃষ্টি হৈছিল।শ্বাহৰুখ খান অভিনীত ছবি 'পাঠান'ৰ সৈতে প্ৰায় একেলগে ছবিখন মুক্তি দিয়াক লৈ সৃষ্টি হৈছিল সমস্যা। এক শক্তিশালী লবীয়ে শেষ পৰ্যন্ত ছবিখনৰ মুক্তিৰ বাবে চিনেমা হল নিদিয়াক লৈ তীৰ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।কলাত্মক ছবি নিৰ্মাণৰ বাবে পৰিচিত মঞ্জুল বৰুৱাৰ এইখন তৃতীয় ছবি।এই ছবিখনে ইতিমধ্যে কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো অংশ লৈ সুনাম কঢ়িয়াই আনিছে।

Category
Profile picture for user UB Photos