চিপছ্ কিনিবলৈ গৈ ঘূৰি নাহিল ভাতৃ-ভগ্নী, হিয়া ধাকুৰি কান্দোন মাতৃৰ... তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰাণ গ’ল ১৪ বছৰীয়া গায়ত্ৰী দাস আৰু ৮ বছৰীয়া অবিনাশ দাসৰ।

Accident

এটা হৃদয়বিদাৰক ঘটনা। বাইহাটা চাৰিআলিৰ সমীপৰ্তী কেন্দুকোনাত মঙ্গলবাৰে সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই ভাতৃ-ভগ্নীয়ে। তীব্ৰ বেগী বাহনখনৰ খুন্দাত নিহত হোৱা ভাত-ভগ্নীৰ নাম ১৪ বছৰীয়া গায়ত্ৰী দাস আৰু ৮ বছৰীয়া অবিনাশ দাস।

জানিব পৰা মতে চিপচ্ আনিব গৈছিল দুই ভাতৃ-ভগ্নীয়ে। মঙ্গলবাৰে সংঘটিত হোৱা দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা দুই ভাতৃ ভগ্নিৰ চিকিৎসাধীন অৱস্থা গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হস্পিতালত  মৃত্যু হয় আজি দুই ভাতৃ ভগ্নিৰ মৃতদেহ কেন্দুকোনাৰ নিজ ঘৰ আহি পোৱাৰ পিচতে স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা চিকিৎসক গৰাকীক গ্ৰেপ্তাৰৰ দাবীত মৃতদেহ ৰাজ পথত ৰাখি পথ অৱৰোধ কৰে স্থানীয় কমলপুৰ আৰক্ষী,মহকুমাধিপতি , মহকুমা আৰক্ষী বিষয়া  উপস্থিত হয় যদিও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটি মুকলি কৰিব পৰা নাছিল পি বিধায়কৰ আস্বাসত ৰাইজে পথটি মুকলি কৰি দিয়ে

 

Category
Profile picture for user UB Photos