ব্যৰ্থ কোন! অৰ্ণমাই বৰাৰ মৃতদেহত থকা দাঁতৰ দাগ কাৰ আছিল ফৰেণচিক পৰীক্ষাই নকৰিলে আৰক্ষীয়ে! আৰক্ষীৰ গাফিলতিৰ বাবেই ৰেহাই পালে নেকি অভিযুক্তই।

Justice

প্ৰসংগঃ অৰ্ণমাই বৰা হত্যাকাৰীৰ ৰেহাই। আৰক্ষীৰ গাফিলতিৰ বাবেই ৰেহাই পালে নেকি অভিযুক্তইঘটনাক লৈ IPS বিষয়া ভায়লেট বৰুৱাৰ প্ৰতিক্ৰিয়াআৰক্ষীক কঠোৰ সমালোচনা ভায়লেট বৰুৱাৰসঠিক প্ৰমাণ নোপোৱাৰ বাবেই ৰেহাই পালে অভিযুক্তইঅৰ্ণমাই বৰাৰ হত্যাকাৰীৰ ৰেহাইক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াঅতি শীঘ্ৰেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ভুক্তভোগী পৰিয়ালঅভিযুক্ত মইনুল হকক নিম্ন আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায়ৰ বিপৰীতে উচ্চ ন্যায়ালয়ে দিলে কেৱল মাত্ৰ তিনিবছৰহে কাৰাদণ্ড।  আদালতৰ ৰায়ৰ পিছতেই হোজাইত ব্যাপক প্ৰতিবাদৰ জোৱাৰ। অৱশ্যে আন এজন অভিযুক্ত ছেলিমউদ্দিনক নিম্ন আদালতে বিহা যাৱজ্জীবন কাৰাদণ্ডৰ ৰায়কে বাহাল ৰাখে উচ্চ ন্যায়ালয়ে। কিন্তু অতি আশ্বৰ্যকৰ কথা পাঁচ বছৰ পূৰ্বে সংঘটিত হোৱা অৰ্ণমাই বৰাৰ মৃতদেহত থকা দাঁতৰ দাগ কাৰ আছিল ফৰেণচিক পৰীক্ষাই নকৰিলে আৰক্ষীয়ে। আৰক্ষীৰ সোপাঢিলা তদন্তৰ বাবেই অভিযুক্তৰ বিৰুদ্ধে আদালতে গ্ৰহণ কৰা এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ অৰ্ণমাই বৰাৰ পৰিয়ালৰ।

Category
Profile picture for user UB Photos