‘আমি পৰিয়ালটি শোকত ভাগি পৰিছো! গোটেই ঘটনাটি কোনোবা পাকচক্ৰত সোমাই পৰা যেন লাগিছে।‘ ফাঁচিৰ পৰিৱৰ্তে ৩ বছৰ কাৰাদণ্ডৰে ৰেহাই পালে অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ দোষীয়ে

Justice

২০১৭ চনৰ এটা ধৰ্ষণ তাৰপিছত হত্যা। অসম কঁপাই গৈছিল এই হত্যাকাণ্ডই। হোজাইত সংঘটিত শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰিছিল দুই পাষণ্ডই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্ত মইনুল হক আৰু ছেলিমউদ্দিনক।হোজাইৰ নিম্ন আদালতে ফাঁচিৰ ৰায় দিছিল মইনুল হকক আৰু যাৱজ্জীৱন কাৰাদণ্ড দিছিল।অভিযুক্ত মইনুল হকক নিম্ন আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায়ৰ বিপৰীতে উচ্চ ন্যায়ালয়ে দিলে কেৱল মাত্ৰ তিনিবছৰহে কাৰাদণ্ড।  আদালতৰ ৰায়ৰ পিছতেই হোজাইত ব্যাপক প্ৰতিবাদৰ জোৱাৰ। অৱশ্যে আন এজন অভিযুক্ত ছেলিমউদ্দিনক নিম্ন আদালতে বিহা যাৱজ্জীবন কাৰাদণ্ডৰ ৰায়কে বাহাল ৰাখে উচ্চ ন্যায়ালয়ে। কিন্তু অতি আশ্বৰ্যকৰ কথা পাঁচ বছৰ পূৰ্বে সংঘটিত হোৱা অৰ্ণমাই বৰাৰ মৃতদেহত থকা দাঁতৰ দাগ কাৰ আছিল ফৰেণচিক পৰীক্ষাই নকৰিলে আৰক্ষীয়ে। আৰক্ষীৰ সোপাঢিলা তদন্তৰ বাবেই অভিযুক্তৰ বিৰুদ্ধে আদালতে গ্ৰহণ কৰা এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ অৰ্ণমাই বৰাৰ পৰিয়ালৰ। অৰ্ণমাই বৰাৰ স্বামী বিমল বৰাই থুকাথুকি মাতেৰে কয়আমি পৰিয়ালটি শোকত ভাগি পৰিছো! গোটেই ঘটনাটি কোনোবা পাকচক্ৰত সোনাই পৰা যেন লাগিছে।

Category
Profile picture for user UB Photos