মাননি নহয় মজুৰি লাগে মধ্যাহ্ন ভোজন কৰ্মচাৰীক, তীব্ৰ প্ৰতিবাদেৰে কঁপালে কাহিলিপাৰাৰ সৰ্বশিক্ষা চৌহদ

Protest

গুৱাহাটীৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত নিয়মীয়া মজুৰি দিয়াৰ দাবীত শুক্ৰবাৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিনিধিয়ে।

ন্যূনতম ১০০০ টকা মাননি দিয়াৰ সলনি ৯০০০ টকা মজুৰি বিচাৰি প্ৰতিবাদ। প্ৰতিমাহে মজুৰি দিয়াৰ দাবী কৰ্মচাৰী ইউনিয়নৰ। এনে দাবীৰেই অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে কাহিলিপাৰাৰ সৰ্বশিক্ষাৰ সন্মুখত প্ৰতিবাদ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতি ক্ষোভ উজাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে। এতিয়া দি থকা ন্যূনতম ১০০০ টকা মজুৰিৰে ঘৰ নচলে বুলি কৈ প্ৰতিবাদ কৰা কৰ্মচাৰীয়ে তেওঁলোকক মজুৰি দিবলৈ দাবী জনায়।

অসমৰ আটাইকেইখন জিলাৰ পৰা অহা প্ৰতিবাদকাৰীয়ে কাহিলিপাৰাৰ সৰ্বশিক্ষা অভিযান মিছনৰ সন্মুখৰ পথ প্ৰায় তিনিঘণ্টা অৱৰোধ কৰে। চৰকাৰে তেওঁলোকৰ দাবী নামানিলে তেওঁলোকে প্ৰতিবাদ আৰু তীব্ৰতৰ কৰিব বুলি জনায়।

Category
Profile picture for user UB Photos