এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খাদ্য! Master Chef India 2023 ত উজ্বলিছে তিনিগৰাকীকৈ অসম সন্তান

Master Chef India 2023

নিজৰ ৰন্ধন প্ৰক্ৰিয়াৰ প্ৰতিভা দেখুৱাবৰ বাবে মাষ্টাৰ চেফ ইণ্ডিয়া নামেৰে এক মঞ্চ আছে। আৰু এই মঞ্চত দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা লোক আহে। কিন্তু এইবাৰ মাষ্টাৰ চেফ ইণ্ডিয়া আমাৰ বাবে ব্যতিক্ৰম হব কাৰণ এই মঞ্চত উজ্বলিব এইবাৰ অসমৰ খাদ্য। কাৰণ দুগৰাকীকৈ অসম সন্তানে অংশগ্ৰহণ কৰিছে এইবাৰৰ মাষ্টাৰ চেফ ইণ্ডিয়াত। Sony TV ত সম্প্ৰচাৰিত Master Chef India 2023 ৰ বিচাৰক চেফ বিকাশ খান্না, চেফ ৰনবীৰ ব্ৰৰাৰ, আৰু চেফ গৰিমা অৰৌৰা। ইতিমধ্যে অডিশ্যনত চিলেক্ট হৈছে অসমৰ তিনি গৰাকীকৈ সন্তান। এগৰাকী হৈছে তিনিচুকীয়াৰ নয়নমনি শইকীয়া আৰু এগৰাকী নগাঁৱৰ শান্তা পৱন শৰ্মা আৰু এগৰাকী গুৱাহাটীৰ নাজিয়া চুলাতানা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰন্ধন অনুষ্ঠানত অসমৰ তিনিগৰাকীকৈ সন্তানৰ সফলতা দেখি অসমবাসী হৈ পৰিছে গৌৰৱান্বিত।

Category
Profile picture for user UB Photos