অৱশেষত আঢ়ৈ বছৰৰ পিছত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা ফ্লেটত আহিল নতুন ভাড়াতীয়া

Sushant Singh Rajput

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ  মৃত্যুৰ  পিছৰে পৰা আঢ়ৈ  বছৰ ধৰি খালী আছিল  অভিনেতাজনে আত্মহত্যা কৰা  ফ্লেটটো। কোনেও ভয়তে অথবা আন কাৰণতে ফ্লেটটোত সোমাবলৈ  সাহস কৰা নাছিল। অৱশেষত এজন নতুন ভাড়াতীয়াই ফ্লেটটোত সোমাবলৈ সাহস কৰিলে৷ ২০২০  চনৰ ১৪  জুনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ বান্দ্ৰাৰ সেই  অভিজাত বাসগৃহটোত ওলমি থকা অৱস্থাত পোৱা গৈছিল।

ফ্লেটটোত  চাৰিটা শোৱনি কোঠাবাথৰুম, পাকঘৰ আৰু এখন চাদ আছে। আঢ়ৈ বছৰৰ ধৰি ঘৰটোৰ বাবে  ভাড়াতীয়া বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল।জানিব পৰা মতে  এজন প্ৰবাসী ভাৰতীয়ই ফ্লেটটো ভাড়ালৈ লৈছে। যাৰ বাবে ব্যক্তিজনে মাহিলী ৫ লাখ টকা ভাড়া ভৰিব লাগিব। তেওঁ প্ৰায় ৩০ লাখ টকা আগধন হিচাবে  জমা দিছে৷ 

কেইদিনমান আগতে ৰিয়েল ইষ্টেট ব্ৰোকাৰ ৰফিক মাৰ্চেণ্টে তেওঁৰ প্ৰ'ফাইলত এই ফ্লেটটোৰ ভাড়াৰ বিজ্ঞাপন দিছিল। তাৰ পিছতে ফ্লেটটোলৈ  এজন নতুন ভাড়াতীয়া আহিল। সুশান্তই  প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু দুজন সহায়কৰ সৈতে ২০২২ চনলৈকে ফ্লেটটোত  থকাৰ কথা আছিল। কিন্তু তাৰ আগতে, সকলো বোৰ ওলোট-পালট  হৈ গল। সেই সময়ত অভিনেতাজনে ফ্লেটটোৰ বাবে মাহিলী চাৰে চাৰি লাখ টকা ভাড়া পৰিশোধ কৰিছিল। এইবাৰ ঘৰৰ মালিকে নতুন ভাড়াতীয়াৰ ক্ষেত্ৰত  ৫০ হাজাৰ টকা   বৃদ্ধি কৰিছে৷ 

 

 

 

 

Category
Profile picture for user UB Photos