অস্তিত্বৰ সংকটত ভুগিছে অসম-মেঘালয় সীমান্তত বাস কৰা হাজাৰ হাজাৰ অসমীয়া!

Meghalaya

কেবাটাও শতক পুৰুষানুক্ৰমে অসমৰ বাহিৰত থাকিলেও তেওঁলোকে পাহৰা নাই অসম , অসমীয়া আৰু অসমৰ সংস্কৃতি । বহু ঘাট - প্ৰতিঘাট , সংঘাট , সীমিত প্ৰতিকূল পৰিস্থিতিৰ মাজতো তেওঁলোকে এতিয়াও পালন কৰি আহিছে অসমৰ পৰম্পৰাগত ৰীতি - নীতি , আচাৰ - ব্যৱহাৰ , মহাপুৰুষ দুজনাৰ তিথি , জন্ম জয়ন্তী , বিহুকে ধৰি সকলো জাতীয় উৎসৱ । কিন্ত দিন যোৱাৰ লগে লগে পৰিস্থিতিৰ তাগিদাত পৰি তেওঁলোক এতিয়া অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে । বাধ্যত পৰি এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ সদৰ নংপোৰ  পৰা মাত্ৰ ছয় কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা দহখনকৈ অসমীয়া ভাষী ৰাইজে । বৃহত্তৰ মৰঙাৰ অঞ্চল হিচাপে পৰিচিত হৈ অহা দহখন গাঁও হল ক্ৰমে - পুৰাণগাঁও , নোৱাগাঁও , বৰগাঁও , লালুংপাম , নালাপাৰা , জয়গাঁও , বৰঘাটচাৰি , জাৰিকুছি , বৰকুছি  আৰু  আঠগাঁও । এই সন্দৰ্ভত পুৰাণগাঁওৰ বাসিন্দা , মেঘালয় শক্তি বিতৰণ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা , বিশিষ্ট সমাজকর্মী , মনিন ৰাজাই জানিবলৈ দিয়া মতে তেওঁলোকৰ অঞ্চলটোত এতিয়াও আছে ১৯৫৬ চনতে অবিভক্ত অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে  স্থাপন কৰা শংকৰদেৱ বিদ্যালয় । বিদ্যালয়ত এতিয়াও ৪০০ ৰো অধিক ছাত্ৰ - ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । তেনেদৰে মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষৰে তাহানিতে প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ । নামঘৰত এতিয়াও নিয়মীয়াকৈ নাম - প্ৰসংগৰ লগতে মহাপুৰুষ দুজনাৰ তিথি , জয়ন্তী আদিও পৰম্পৰাগত পালন কৰি অহা হৈছে ।  প্ৰশাসনিক ভাবে অঞ্চলটো মেঘালয়ৰ ৰি-ভয় জিলাৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৯ নং নংপো সমষ্টিৰ অন্তৰ্গত । দহখন গাওঁৰ বাসিন্দা সকলৰ ভিতৰত কাৰ্বি জনগোষ্ঠীৰ লোকৰ সংখ্যাই সৰ্বাধিক। কিন্তু লাহে লাহে সামাজিক , ৰাজনৈতিক কাৰণত এতিয়া এইসকল লোক অস্তিত্বৰ সংকটত ভুগিবলৈ আৰম্ভ কৰিছে । বৰ্তমান এই সংকট আহি ভয়াৱহ অৱস্থালৈ গতি কৰাৰ উপক্ৰম হৈছে । কিয়নো চাৰিওকাষে খাচী প্ৰধান লোকৰ বসতি হোৱা বাবে শাৰীৰিক , মানসিক হেঁচাৰ বাবে এতিয়া নিজ ধৰ্ম পালনৰ ক্ষেত্ৰতো দহখন গাঁওৰ অসমীয়া ভাষী ৰাইজ বহু কষ্টৰ সন্মুখীন হব লগা হৈছে ।  আনকি তেওঁলোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰো হেঁচা প্ৰয়োগ কৰা হৈছে । যাৰ বাবে কেবাটাও পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব লগা হৈছে । ইফালে যিসকল যুৱকে বিভিন্ন কাৰণত খাচী সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰাইছে , সেই যুৱক সকল মেঘালয় মাতৃ প্ৰধান ৰাজ্য হোৱা বাবে স্বাভাৱিকভাবে খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হৈছে । এই ধাৰা অব্যাহত থাকিলে অহা কেইবছৰমানৰ ভিতৰতে গৰিষ্ঠ সংখ্যক লোক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আশংকা আছে বুলি মনিন ৰাজাই সদৰি কৰিছে । সেয়ে, বৃহত্তৰ মৰঙাৰ অঞ্চলৰ দহখনকৈ অসমীয়া ভাষী গাওঁৰ ৰাইজে তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব লগা হোৱা বিষয়টোৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ।

Category
Profile picture for user UB Photos