'হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী.. শ্ৰী মন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি....'

Naamghar Homaruh

দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত উত্তৰ গুৱাহাটীৰ বৰলুইতৰ পাৰ। লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমণত হৰিনামৰ ধ্বনিৰে মুখৰিত উত্তৰ গুৱাহাটীৰ আউনিআটী সত্ৰ। সত্ৰাধিকাৰৰ নেতৃত্বত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিশাল নামঘৰ সমাৰোহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা উত্তৰ গুৱাহাটীলৈ আগমন ঘটিছে ভকত বৈষ্ণৱৰ হৰিনাম, উৰুলিৰ ধ্বনিৰে মুখৰ হৈছে চৌদিশ। নামঘৰক প্ৰতীকপদ হিচাপে লৈ আয়োজন কৰিবলৈ লোৱা হৈছে নামঘৰকেন্দ্ৰিক অসমৰ এক সৰ্ববৃহৎ অনুষ্ঠান "নামঘৰ সমাৰোহ"। সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ বালিচৰৰ নৈসৰ্গিক পৰিৱেশত আয়োজিত এই ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠানটি। তিনিওটা দিনতে অনুষ্ঠিত হ’ব ৰাস, ভাওনা আৰু নৃত্য-গীতৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। এই সমাৰোহৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হ’ব ২ হাজাৰ নামঘৰৰ ইতিহাস সম্বলিত "নামঘৰৰ পৰিচয়" শীৰ্ষক এখনি গ্ৰন্থও। ২০০০ মহিলাৰ দিহানামৰ সৈতে ২০০০ শিল্পীৰ নাগাৰা পৰিবেশন কৰা হ’ব সমাৰোহত।

Category