অসমবাসীৰ বাবে ভাল খবৰ! অসমৰ ১৬ গৰাকীলৈ সংগীত–নাটক অকাডেমীৰ বঁটা

Sangeet Natak Akademi

সুখবৰ! অসমৰ কেইবাগৰাকীও শিল্পীলৈ আগবঢ়োৱা হৈছে সংগীত–নাটক অকাডেমীৰ বঁটা। ইয়াৰ ভিতৰত ১০ গৰাকীয়ে সংগীত–নাটক অকাডেমী বঁটা লাভ কৰাৰ বিপৰীতে সংগীত–নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খাঁ বঁটা (যুৱ) লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ শিল্পী ৰঞ্জুমণি শইকীয়া, সুদক্ষ নাট্যকাৰ–পৰিচালক অবিনাশ শৰ্মা, অভিনেতা প্ৰাঞ্জল শইকীয়া, অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ সৈতে জড়িত বিশিষ্ট শিল্পী গুণীন্দ্ৰনাথ ওজা, প্ৰসিদ্ধ বিহুৱা প্ৰসন্ন গগৈ, সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ শিল্পী হৰি বৰা বৰবায়ন, ব্যাস ওজাপালিৰ বিশিষ্ট শিল্পী ধৰ্মেশ্বৰ নাথ ওজা, সত্ৰীয়া ওজাপালিৰ (ব্যাস কীৰ্তন) প্ৰসিদ্ধ শিল্পী গুৰুপ্ৰসাদ ওজা, বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ড আৰু অসমৰ লোকসংগীত আৰু নৃত্যৰ বিশিষ্ট শিল্পী মাখন চন্দ্ৰ বৰাই লাভ কৰিছে সন্মানীয় সংগীত–নাটক অকাডেমী বঁটা।
উল্লেখ্য যে এইবাৰ সংগীত–নাটক একাডেমীয়ে ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ বঁটাসমূহ একেলগে ঘোষণা কৰিছে । ২০১৯ চনৰ ওস্তাদ বিছমিল্লাহ খাঁ বঁটা লাভ কৰিছে প্ৰভাত কাকতিয়ে। ২০২০ চনৰ বঁটা লাভ কৰিছে জলীমণি শইকীয়া (সত্ৰীয়া), মানস কুমাৰ চমুৱা (বেহেলা) আৰু হিমাংশু শৰ্মাই (নাট পৰিচালনা)। ২০২১ চনৰ বাবে বিছমিল্লাহ খাঁ বঁটা লাভ কৰিছে সত্ৰীয়া নৃত্যৰ দুই শিল্পী দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাই।

Category