অনুৰাগীৰ বাবে দুঃখবৰ! অভিনয় জগতৰ পৰা চিৰদিনৰ বাবে বিৰতি ল'ব আমিৰে খানে!

Aamir Khan

নিজৰ কেৰিয়াৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে বলিউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানে। দীৰ্ঘদিনৰ বাবে কোনো ছবি অভিনয় নকৰে আমিৰ খানে। শেহতীয়াকৈ অভিনেতা আমিৰ খানে তেওঁৰ সাক্ষাৎকাৰত ঘোষণা কৰিছে যে তেওঁ কিছুদিন ছবিত অভিনয় নকৰে। আমিৰে কয় যে তেওঁ এতিয়া পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে। 
আমিৰ খানে কয়- ‘মই ছবি এখন কৰোতে অভিনেতা হিচাপে তাত হেৰাই যাওঁ... ইয়াৰ বাহিৰেও মই জীৱনত একো দেখা নাপাওঁ। গতিকে কিছুদিন ইয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছো। 'লাল সিং চদ্ধৰ পাছত চেম্পিয়ন' শীৰ্ষক এখন ছবিৰ কাম আৰম্ভ কৰাৰ কথা আছিল। এই ছবিখনৰ কাহিনী অতি উত্তম। হৃদয়স্পৰ্শী ছবি যদিও কিছু জিৰণি লোৱা উচিত বুলি ভাবো।'

আমিৰে কৈছিল যে ‘মই মোৰ পৰিয়ালৰ সৈতে, মোৰ মা আৰু মোৰ সন্তানৰ সৈতে সময় কটাব বিচাৰো। মই অনুভৱ কৰোঁ যে মই যোৱা ৩৫ বছৰে কাম কৰি আছো আৰু কেৱল কামত মনোনিৱেশ কৰিছো... মই ভাবো এয়া মোৰ ওচৰৰ মানুহবোৰৰ বাবে ই ভাল নহয়। অহা ডেৰ বছৰলৈকে মই প্ৰথমবাৰৰ বাবে অভিনেতা হিচাপে কোনো কাম নকৰো'। আমিৰ খানৰ এই ঘোষণাই অনুৰাগীৰ হৃদয় ভাঙি পেলাইছে।

Category
Profile picture for user UB Photos