বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

Basistha Dev Sarma

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান। বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ।

৮৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয় বশিষ্ঠ দেৱশৰ্মাৰ। আজি আবেলি ৪.৫৬ বজাত শেষনিশ্বাস ত্যাগ কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গৰাকীয়ে। ১৯৩৮ চনৰ ১ এপ্ৰিলত সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰিছিল বশিষ্ঠ দেৱশৰ্মাই।

আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই।

জানিব পৰা মতে কিছু সময়ৰ পিছতে তেওঁক বৰপেটালৈ লৈ যোৱা হ’ব আৰু তাতেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব । 

বৰপেটা জিলাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে তেখেতে যোগদান কৰিছিল আৰু বৰপেটা জিলাৰ সুন্দৰীদিয়া দক্ষিণ হাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছিল।

নিষ্ঠা আৰু সততাৰে ১৪ বছৰ কাল ধৰি বৰপেটা সত্ৰত ডেকা সত্ৰীয়া হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ পিচত ২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে নিৰ্বাচিত হৈ মৃত্যুৰ আগমূহুৰ্তলৈকে সেই পদতে অধিষ্ঠিত হৈ আছিল।

এগৰাকী প্ৰখ্যাত হোলী গীতৰ গায়ক হিচাপে সমগ্ৰ অসমত প্ৰসিদ্ধ আছিল বুঢ়াসত্ৰীয়া শৰ্মা। মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ কৰিছে।

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনক নিৰ্দেশ দিছে।

 

Category
Profile picture for user UB Photos