GMC ত বৃহৎ কেলেংকাৰী! ৭ জনক গ্ৰেপ্তাৰ CMV ৰ..

GMC Scam

GMCত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী। ৭ অভিযুক্তক ইতিমধ্য়ে CM ভিজিলেন্সে গ্রেপ্তাৰ কৰিছে।

বৰ্তমান অভিযুক্তকেইজনক CM ভিজিলেন্সে জেৰা অব্যাহত ৰাখিছে।

বছৰত বোকা নিষ্কাষণৰ নামত পূঁজি আছিল ৪০ কোটি। তাৰে ১০ কোটি মুকলাই দিওতে সংঘটিত হয় কেলেংকাৰী। CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে লোক কেইজন হৈছে বাবুলাল শৰ্মা(OSD), আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, সীমান্ত জ্যোতি বৰুৱা, হিৰণ্য বৰ্মন, চিত্তৰঞ্জন দত্ত আৰু Dinsan global ৰ মেনেজাৰ দীনেশ জয়ছোৱাল।

পৌৰ নিগমৰ সমন্বয় কক্ষত সভা চলি থকা সময়তে চি এম ভিজিলেঞ্চে এই অভিযন্তাকেইগৰাকীক গ্ৰেপ্তাৰ কৰিছে ।জানিব পৰা মতে বৰ্তমানেও সভাকক্ষত আছে চি এম ভিজিলেঞ্চৰ লোক সকল।

Category
Profile picture for user UB Photos