আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ দাখিল কৰি ধৰা পৰিল বহু প্ৰাৰ্থী

Assam Police Recruitment

আৰক্ষীৰ পৰীক্ষাত ভূৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়া অভিযোগত প্ৰায় ১০০ প্ৰাৰ্থীক তলৱ CIDৰ ৷

প্ৰমাণপত্ৰ জালিয়াতি কৰা বহু প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা কৰা হৈছে ৷ ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা ৷

AB-UBৰ পৰীক্ষাত সংঘটিত হৈছিল এই জালিয়াতি। ৪১৪ জনৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছিল ইতিমধ্য়ে ২১জন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা।

চিআইডিয়ে ৫/২২ নম্বৰ গোচৰত তদন্ত চলাই আছিল। বৰ্তমানেও চিআইডি কাৰ্যালয়ত জেৰা অব্যাহত আছে।

ইয়াৰে ২১ জনক আজি হাজিৰ হোৱাৰ নিৰ্দেশ কৰা হৈছে উলুবাৰী CID অফিচলৈ । পুৱাৰে পৰা এজন এজনকৈ প্ৰাৰ্থী উপস্থিত হৈছে CID কাৰ্যালয়ত ।

উল্লেখ্য় যে, কম্পিউটাৰৰ পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈ উলিয়াইছিল ভুৱা চাৰ্টিফিকেট । অসমৰ প্ৰতিটো প্ৰান্ততে বৰ্তমান চলি আছে CIDৰ অভিযান ।

বৰপেটা , বঙাইগাঁও , ধুবুৰী , নলবাৰী , নগাঁও , যোৰহাট , শিৱসাগৰ  প্ৰতি প্ৰান্ততে বৰ্তমান অভিযান CID ৰ।

Category