মহানগৰীৰ নাৰেংগীত ভয়ংকৰ ঘটনা, যুৱতীক ছুৰিকাঘাত এজন যুৱকৰ

Man Stabbed a girl

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা। ৰফিক আলী নামৰ এজন যুৱকে ছুৰীৰে হানি-খুঁচি হত্যাৰ অপচেষ্টা চলালে এগৰাকী যুৱতীক। 

এই হিংসাত্মক ঘটনাটো সংঘটিত হয় নিৰাপত্তাৰ জ'ন হিচাপে চিহ্নিত নাৰেংগী সেনা শিবিৰত।

ছুৰিকাঘাতত গুৰুতৰভাৱে আহত হোৱা যুৱতীগৰাকী সম্প্ৰতি GMCHৰ ICUত জীৱন মৰণৰ সৈতে যুঁজ দি আছে।

আহত যুৱতীগৰাকী নাৰেংগী সেনা শিবিৰৰ A BLOCKৰ ৮নং ঘৰৰ বাসিন্দা অঞ্জলি বিশ্বাস বুলি জানিব পৰা গৈছে।

আনহাতে ঘটনাৰ কাৰণ  সম্পৰ্কে এতিয়ালৈ বিশেষ একো জানিব পৰা হোৱা নাই।

Category
Profile picture for user UB Photos