তেজপুৰত খাকী পোচাকধাৰীৰ গুণ্ডাগিৰি!

Tezpur Gunda Police

কেতিয়াবা যদি দিনহাজিৰা কৰা শ্ৰমিকৰ ওপৰত কেতিয়াবা আকৌ পদপথৰ লোকৰ ওপৰত পাশৱিক নিৰ্যাতন ৷ তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীৰ একাংশ গুণ্ডাৰুপী আৰক্ষীৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত এজন যুৱক ৷

তেজপুৰ ৰঙা পুখুৰী পাৰৰ প্ৰকাশ ডেকা নামৰ যুৱকজনক দুৰ্গাপূজাৰ বিজয়া দশমীৰ দিনা দোলাবাৰীৰ লগৰ এজনৰ ঘৰত নিমন্ত্ৰন কৰিছিল ভাত খাবলৈ ৷ বিজয়া দশমীৰ নিশা ৰাস্তাত হৈ থকা হুলস্থূল শুনি ওলাই গৈছিল ৰাস্তালৈ ৷

তেনেতে আহিল মহাভৈৰৱ আৰক্ষী চকীৰ এটা আৰক্ষীৰ দল ৷ কোনোধৰনৰ সোধপোচ নকৰি ৰাস্তাৰ পৰা ওঠাই আনিলে এইজন যুৱকক ৷ মানৱ অধিকাৰ উলঙ্ঘন কৰি পাশৱিক অত্যাচাৰ চলালে এজন যুৱকৰ ওপৰত ৷ দুইহাত বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰিলে যুৱকজনক ৷ আৰক্ষীয়ে চলোৱা এই নিৰ্মম প্ৰহাৰৰ অভিযোগ কৰিলে ভূগিব লাগিব অধিক শাস্তিৰ ৷ এনেদৰেই চলিছে অসমৰ গৃহবিভাগ ৷

 

Category
Profile picture for user UB Photos