ভয়ংকৰ! উদয়পুৰত দুজন লোকে ডিঙি ৰেপি হত্যা এজন দৰ্জীক, ছচিয়েল মিডিয়াত আপলোড কৰিলে ভিডিঅ'

Murderer

এক চাঞ্চল্যকৰ কাণ্ডত মঙলবাৰে বিয়লি ৰাজস্থানৰ উদয়পুৰ চহৰত দুজন লোকে দিনৰ পোহৰতে এজন দৰ্জীৰ ডিঙি কাটি হত্যা কৰাৰ পিছতে অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্য়তে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হৈছে।

১০ দিন পূৰ্বে নুপুৰ শৰ্মাৰ সমৰ্থনত ছ'চিয়েল মিডিয়াত তেওঁৰ পোষ্টৰ বাবে মঙলবাৰে আবেলি কানহাইয়া লাল তেলী নামৰ উদয়পুৰৰ এজন ৪০ বছৰীয়া দৰ্জীক দুজন মুছলমান ব্যক্তিয়ে হত্যা কৰিছিল। 

দিল্লী বিজেপিৰ ৰাজনীতিবিদ তাজিন্দৰ পাল সিং বাগ্গাই পোষ্ট কৰা এটা ভিডিঅ'ত সমগ্ৰ ঘটনা ৰেকৰ্ড হৈছে।

ভিডিঅ'টোত দেখা গৈছে যে ধনমণ্ডিত অৱস্থিত ভূতমহলৰ ওচৰত চুপ্ৰিম টেইলাৰ্ছ নামৰ তেওঁৰ দোকানখনত দুজন মানুহে গ্ৰাহক হোৱাৰ ভাও ধৰি যায়, আৰু তেওঁক নিখুতভাৱে কাপোৰৰ মাপ লৈ থাকে তেনেতে তেওঁক ধৰি লৈ ডিঙিত একাধিকবাৰ চুৰিৰে আঘাট কৰে, যাৰফলত তেওঁ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।

ৰিয়াজ বুলি চিনাক্ত কৰা এজন আক্ৰমণকাৰীয়ে কানহাইয়া লালক তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু আনজনে তেওঁৰ মোবাইল ফোনত সমগ্ৰ দৃশ্য় ৰেকৰ্ড কৰিছিল, আৰক্ষীয়ে কৈছিল। ইয়াৰ ঠিক পিছতে, তেওঁলোকে ছ'চিয়েল মিডিয়াত হত্যাৰ কথা স্বীকাৰ কৰা এটা ভিডিঅ' প্ৰচাৰ কৰিছিল। 

বাতৰি অনুসৰি, পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে এতিয়া নিলম্বিত বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাক সামাজিক মাধ্যমৰ পোষ্টত সমৰ্থন কৰাৰ বাবে দৰ্জীজনক হত্যা কৰা হয়।  

ভাইৰেল ভিডিঅ'টোত, অভিযুক্ত দুজনৰ এজনে কোৱা শুনা গৈছিল, "যেতিয়া মই আমাৰ ঈশ্বৰৰ প্ৰতি অসন্মান দেখুওৱা অভিযুক্তজনক এটা পাঠ শিকোৱাৰ লক্ষ্য পূৰণ কৰিম তেতিয়া মই ভিডিঅ'টো ভাইৰেল কৰিম।" 

উল্লেখ্য় যে, ৰাজ্যখনৰ ৰাজছামাণ্ড অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন অভিযুক্তক। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইট কৰাৰ লগতে ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।

আনহাতে লোক দুজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু পিছত ছচিয়েল মিডিয়াত আপলোড কৰে ভিডিঅ’টো। আন এটা ভিডিঅ’ত অভিযুক্ত আক্ৰমণকাৰীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকে দৰ্জীজনৰ মূৰ কাটি পেলাইছিল।

এই ঘটনাৰ আঁৰত ISIS জড়িত থাকিব পাৰে কেন্দ্ৰই সন্দেহ কৰিছে আৰু ঘটনাটোক সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি অভিহিত কৰি তুৰন্তে তদন্ত বাবে NIAৰ দল ৰাজস্থানলৈ প্ৰেৰণ কৰে। ঘটনাৰ পিছতে ৰাজস্থানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় আৰু এমাহৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে।

Category
Profile picture for user UB Photos