
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এক বিশেষ প’ৰ্টেল মুকলি কৰিছে ছেবাই। এই পৰ্টেলৰ জড়িয়তে পৰীক্ষাৰ্থীসকলে বিভিন্ন বিষয়ৰ পৰীক্ষাৰ উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব৷ তাৰোপৰি উত্তৰ বহীৰ ফটো কপিও বিচাৰি আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে।
ছেবাৰ অনলাইন পৰ্টেল sebaonline.org ত কৰিব লাগিব আবেদন। এই পৰ্টেল ১০ জুনৰ পুৱা ৬ বজাৰ পৰা ২০ জুনৰ সন্ধিয়া ৫ বজালৈকে খোলা থাকিব।
উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে অনলাইনযোগে পৰিশোধ কৰিব লাগিব ৩৫০ টকা আৰু উত্তৰ বহীৰ ফটো কপি বিচাৰিলে দিব লাগিব ৫৫০ টকা।
- Log in to post comments