দুলিয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ত চাইবাৰ আক্ৰমণ

oil india limited

অইল ইণ্ডিয়া লিমিটেডৰ ডিব্ৰুগড় জিলাৰ দুলিয়াজানত পঞ্জীভুক্ত মুখ্য কাৰ্যালয়ত চাইবাৰ আক্ৰমণ চলি থকাৰ অভিযোগ উঠিছে, যাৰ ফলত কোম্পানীটোৱে ইয়াৰ সকলো কম্পিউটাৰ আৰু আইটি প্ৰণালী বন্ধ কৰি দিছে বুলি জানিব পৰা গৈছে।

ৰেনছমৱেৰ এই আক্ৰমণটো দেওবাৰে সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছে। সোমবাৰৰ পৰা প্ৰণালীবোৰ বন্ধ কৰি দিয়া হৈছে আৰু সমস্যাটো সমাধান কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে।

অইল ইণ্ডিয়াৰ বিষয়াজনে কয় যে, সোমবাৰে তিনিৰ পৰা চাৰিটা কম্পিউটাৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি গম পোৱাৰ পিছত আমি আমাৰ সকলো কম্পিউটাৰ প্ৰণালী এলএএনৰ পৰা বিচ্ছিন্ন কৰিবলৈ বাধ্য হৈছিলো।

দুলিয়াজান সদৰ আৰক্ষী থানাত, অইএল-এ এখন এজাহাৰ দাখিল কৰিছে। ডিবাগিং এতিয়া চলি আছে। ক্ষতিৰ পৰিমাণ এতিয়াও তথ্য প্ৰযুক্তি বিভাগৰ দ্বাৰা নিৰ্ধাৰণ কৰা হোৱা নাই। অইএল-এ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰি আছে। পূৰ্বতে অইএলৰ একে ধৰণৰ সমস্যা আছিল, কিন্তু এইবাৰ ই এক গুৰুতৰ তথ্য প্ৰযুক্তি সম্পৰ্কীয় সংকট যেন লাগিছে যাক সমাধান কৰিবলৈ সময় লাগিব, বিষয়াজনে লগতে কয়।

এই হেকিংৰ ফলস্বৰূপে বিদ্যুৎ প্ৰতিষ্ঠানসমূহৰ ওপৰত চাইবাৰ আক্ৰমণৰ বিশ্বব্যাপী ভাবুকি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰা হৈছে।

চাইবাৰ আক্ৰমণ হৈছে এক চাইবাৰ অপৰাধী আক্ৰমণ যিয়ে এক বা একাধিক কম্পিউটাৰ ব্যৱহাৰ কৰি এটা বা অসংখ্য কম্পিউটাৰ বা নেটৱৰ্ক লক্ষ্য কৰে।

Category
Profile picture for user UB Photos