বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই…

Market Price Hike

ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে নিত্যব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধ, বিদ্যুতৰ নিৰিখ আৰু পেট্ৰ’ল-ডিজেল, কেৰাচিনৰ দাম।

ইপিনে ১৭ দিনত ১০ টকাৰো অধিক বৃদ্ধিৰ পিছত ১৩ পইচা কমিল পেট্ৰ’লৰ দাম। বৃহস্পতিবাৰে অসমত পেট্ৰ’লৰ গড় দাম ১০৬.২৬ টকা আৰু গড় হিচাপত ডিজেলৰ দাম ৯১.৯৬ টকা। ডিজেলৰ দাম প্ৰতিলিটাৰত কমিছে ১২ পইচাকৈ। কিন্তু এই ১২, ১৩ পইচাৰ কম দামে ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নেপালায়।

ৰাইজে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে কঙালীত পৰিণত কৰিছে এইবেলিৰ ৰঙালী বিহু। পৰিয়ালসহ বজাৰলৈ যাবলৈ ভয় হৈছে এতিয়া গৃহস্থৰ।

Category
Profile picture for user UB Photos