"বাবুৱে মইয়ে আহি গ'লো; তোমালোকে মোক নিবিচাৰিবা" এই ভাষ্য লিখি নিৰুদ্দেশ দুটা কিশোৰ!

amguri child

আমগুৰিৰ পৰা নিৰুদ্দেশ দুটাকৈ কিশোৰ। আমগুৰি ৪ নং ৱাৰ্ডৰপৰা নিৰুদ্দেশ ডিৰ্জাজ ৰাজকোঁৱৰ (বাবু) (১৫) আৰু ৰাজদীপ ৰাজকোঁৱৰ(পাপু)(১৩)।

আমগুৰি ৪নং ৱাৰ্ডৰ নিবাসী নগেন ৰাজকোঁৱৰ আৰু ৰুবী ৰাজকোঁৱৰৰ সন্তান বাবু আৰু পাপু।

মঙ্গলবাৰৰ দিনৰ ২:৩০ বজাত  ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল দুই কিশোৰ।

"বাবুৱে মইয়ে আহি গ'লো; তোমালোকে মোক নিবিচাৰিবা", যোৱাৰ পৰত এই ভাষ্য লিখি যায় দুই কিশোৰে। 

ইতিমধ্যে পৰিয়ালৰ লোকে আমগুৰি থানাত দুই কিশোৰৰ নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে। কোনো লোকে এই কিশোৰ দুটিৰ সন্ধান পালে ৯৭০৭৯৩৯২৮৫ নম্বৰত অথবা সমীপৰ আৰক্ষী থানাত যোগাযোগ কৰাৰ আৱেদন জনাইছে।

Category
Profile picture for user UB Photos