একেকোবে নহয়, ধীৰ গতিত চৰকাৰে সোধাইছে মূল্যবৃদ্ধিৰ ৰামটাঙোন…

price rise

ধীৰে ধীৰে সাধাৰণ জনতাৰ মুৰত ৰাম টাঙোন সোধাইছে চৰকাৰে। কিয়নো একেলেথাৰিয়ে ১৫ দিনত ১৩ বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্যই।

একেবাৰে একেকোবে মাৰা নাই যদিও ধীৰ গতিত চৰকাৰে মাৰিছে মূল্যবৃদ্ধিৰ ৰামটাঙোন।

দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কেইটামান দিনৰ পাছৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে তেলৰ মূল্য। ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল মূল্য বৃদ্ধিৰ সোঁত। বিগত ১৫ টা দিনত পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছে ৯.২০ টকালৈ।

আজি ৫ এপ্ৰিল তাৰিখেও পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে ৮০ পইচাকৈ। গুৱাহাটীত আজি পেট্ৰ’লৰ মূল্য ১০৪.৭৭ টকা।

Category
Profile picture for user UB Photos