অহা ৪৮ ঘন্টাত ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা !

heavy rain

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে প্ৰকাশ কৰা তথ্য মতে ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৫দিনত উত্তৰ-পূব ভাৰতত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে ৷

আনহাতে, বুধবাৰৰ পৰা ৰাজ্যকেইখনৰ বহু ঠাইত বজ্ৰপাত, ধুমুহা হোৱাৰ আশংকাও প্ৰকাশ কৰিছে। 

আইএমডিয়ে টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য৷ টুইটটোত কয় যে ‘অহা ৫দিনৰ ভিতৰত উত্তৰ-পূব ভাৰতত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু ৩১ মাৰ্চ আৰু ০১ এপ্ৰিলত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।’ ইয়াৰ উপৰি শুকুৰবাৰ আৰু শনিবাৰে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হ’ব।

 

Category
Profile picture for user UB Photos