গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা; ৬০ টা ৱাৰ্ডত হ’ব নিৰ্বাচন

municipal corporation election

বহু প্ৰতীক্ষাৰ অন্তত আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল।  সংবাদমেল যোগে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰে।

আয়োগে ঘোষণা কৰা অনুসৰি ১৯ এপ্ৰিলত হ’ব পৌৰ নিগমৰ নিৰ্বাচন আৰু ২১ এপ্ৰিলত হ’ব নিৰ্বাচনৰ ভোটগণনা।

মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৪ এপ্ৰিল ধাৰ্য কৰা হৈছে।

ইতিমধ্যে আজিৰ পৰা জাৰি হৈছে নিৰ্বাচনী অধিসূচনা।

ইয়াৰ উপৰি, পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ব্যৱহাৰ হ’ব ই ভি এম।

উল্লেখ্য যে ৬০ টা ৱাৰ্ডৰ বাবে হ’বলগীয়া নিৰ্বাচনত মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯ জন ভোটাৰে ৭৮৯ টা ভোটকেন্দ্ৰত ভোটদান সাব্যস্ত কৰিব।

আনহাতে এইবাৰৰ নিৰ্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে বুলিও সংবাদমেলত উল্লেখ কৰা হয়।

Category