পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ! আজি বিশ্ব জল দিৱস ২০২২: জল দিৱসৰ গুৰুত্ব, ইতিহাস, অৱদানবোৰ জানেনে?

world water day

ৰাষ্ট্ৰসংঘই ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে ২২ মাৰ্চৰ দিনটোত বিশ্ব জল দিৱস হিচাপে পালন কৰি আহিছে, যাতে বিশ্বত পানীৰ অভাৱৰ বিষয়ে সজাগতা সৃষ্টি হয়।

বিশ্ব জল দিৱস পালন কৰাৰ লক্ষ্য হল যাতে মানুহক 'বহনক্ষম উন্নয়ন লক্ষ্য'ৰ দিশত পদক্ষেপ ল'বলৈ উৎসাহিত কৰাৰ লগতে ২০৩০ চনৰ ভিতৰত সকলোৰে বাবে পানী আৰু অনাময় নিশ্চিত কৰা।

world water day

পানীৰ মূল্য অমূল্য বুলি নিৰূপন কৰিব নোৱাৰি কাৰণ ইয়াৰ ব্য়ৱহাৰিতা দৈনন্দিন জীৱনত অতি প্ৰয়োজনীয়। যদি আমি এতিয়াই পানী সঞ্চয় কৰাৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে এই সম্পদ সংৰক্ষণ কৰিবলৈ সক্ষম নহ'ম। 

অত্যাধিক প্ৰদূষণ আৰু ভূগৰ্ভস্থ পানীৰ অযথা অপচয়ৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইত সতেজ পানীৰ উপলব্ধতা আৰু হ্ৰাস পাইছে। আনহাতে ভূগৰ্ভস্থত পানীৰ স্তৰ হ্ৰাস হোৱাটো আন এটা ডাঙৰ সমস্যা।

এই সকলোবোৰ কাৰকে একেলগে খাদ্য শৃংখলাকো প্ৰভাৱিত কৰে। এইটো এটা সৰ্বজনবিদিত সত্য যে দূষিত পানী হৈছে জলজ জন্তুৰ মৃত্যুৰ অন্যতম প্ৰাথমিক কাৰণ।

যদিও বিজ্ঞান বিগত বছৰবোৰত আগবাঢ়িছে, আমি জলাশয়ৰ ভিতৰত থকা সকলো দূষিত পদাৰ্থ আঁতৰ কৰিবলৈ সক্ষম হোৱা নাই।

এই সকলো সমস্যাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু মানুহক সেইবোৰৰ সমাধান বিচাৰি উদগনি দিয়াৰ বাবে বিশ্ব জল দিৱস উদযাপন কৰা হয়।

world water day 1

বিশ্ব জল দিৱস ২০২২ত আপুনি কি কৰিব পাৰে?

◼️ পানী সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ, আপুনি আপোনাৰ চুবুৰীয়া আৰু সামাজিক মাধ্যমৰ লোকসকলক পানী সংৰক্ষণ প্ৰকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাব পাৰে।

◼️ আপুনি আপোনাৰ নিজৰ ঘৰত পানীৰ ব্যৱহাৰ নিৰীক্ষণ কৰিব পাৰে।

◼️ আপুনি মানুহক তেওঁলোকৰ দৈনন্দিন কাৰ্যকলাপবোৰ এনেধৰণে সলনি কৰাৰ বিষয়ে আলোকিত কৰিব পাৰে যি পানী সংৰক্ষণত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, গা ধোৱাৰ বাবে শ্বাৱাৰৰ সলনি বাল্টি ব্যৱহাৰ কৰা।

Category
Profile picture for user UB Photos