‘মোক গোলা বাৰুদৰহে প্ৰয়োজন, ভ্ৰমণৰ প্ৰয়োজন নাই’: আমেৰিকাৰ প্ৰস্তাৱ মানি ইউক্ৰেইন এৰি নাযায় ৰাষ্ট্ৰপতি জেলেনেস্কি…

Ukraine President

জীৱনৰ প্ৰতি নাই কোনো মোহ। সন্মুখত গধুৰ দায়িত্ব। এফালে দেশৰ জনসাধাৰণক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰা আৰু আনফালে দেশৰ সৈন্যক শত্ৰুৰ সৈতে যুঁজিবলৈ সাহস দিয়া। এজন অদ্বিতীয় ৰাষ্ট্ৰপতি। নিজৰ নিৰাপত্তাৰ কথা এবাৰো নাভাবি লাখ-লাখ সৈন্যক সাহস দিয়া এইজন হৈছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনেস্কি।

russia war

২৪ ফেব্ৰুৱাৰীৰ পুৱা ইউক্ৰেইনত ৰাছিয়াই অতৰ্কিতে আক্ৰমণ কৰাৰ ফলত প্ৰাণ হেৰুৱালে দেশখনৰ বহু সৈন্য আৰু সাধাৰণ জনতাই। কোনোবাই নিজৰ পিতৃ, কোনোবাই ভাতৃ, কোনোবাই হেৰুৱালে নিজৰ প্ৰেমিক। দেশমাতৃক ৰাছিয়াৰ কঠোৰ হাতোৰাৰ পৰা ৰক্ষা কৰিবৰ বাবে অব্যাহত আছে ইউক্ৰেইনৰ সেনাৰ আপ্ৰাণ চেষ্টা, সীমাহীন ত্যাগ।

war

শেহতীয়াকৈ আমেৰিকাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক দেশৰ পৰা আঁতৰি যাবলৈ কয় যদিও এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে জেলেনেস্কিয়ে। এই বিপদৰ সময়ত দেশবাসীৰ লগ নেৰি দেশবাসীৰ সৈতে থকাৰ সিদ্ধান্ত লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘যুদ্ধ এই ঠাইত হৈছে। মোক গোলা বাৰুদৰ প্ৰয়োজন, যাত্ৰাৰ প্ৰয়োজন নাই’।

ukraine conflict

যুদ্ধ হৈ থকাৰ সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ এৰি পলাই যোৱাৰ উৰা বাতৰি ছ’চিয়েল মিডিয়াত ওলোৱাৰ পিছতেই ৰাষ্ট্ৰপতিগৰাকীয়ে এটা ভিডিঅ’ৰ জৰিয়তে কয় যে, ‘আমি সকলো ইয়াতে আছে। আমাৰ সৈনিকসকল ইয়াত আছে। আমাৰ সমাজৰ নাগৰিক ইয়াত আছে। আমি আমাৰ স্বাধীনতাক প্ৰতিৰক্ষা কৰি আছো’। লগতে, ৰাষ্ট্ৰপতিগৰাকীয়ে শুকুৰবাৰে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ওচৰতো সৈন্য সামন্তৰ বাবে সহায়ৰ হাত বিচাৰে।

 

Category