আমি যুঁজিম আৰু আমি জিকিম- ৰাছিয়াৰ বিৰুদ্ধে সাজু ইউক্ৰেইন

Ukraine Russia Conflict

 

‘ইউক্ৰেইনে নিজকে ৰক্ষা কৰিব আৰু  বিজয় সাব্যস্ত কৰিব’- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ কিছু মুহূৰ্তৰ পাছতে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই কৰা মন্তব্য এয়া।

ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে প্ৰত্যুত্তৰ দিছে ইউক্ৰেইনে।

ইউক্ৰেইনৰ বিদেশ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে কোনো কাৰণতে নিজ দেশৰ প্ৰতিৰক্ষাৰ পৰা পিছুৱাই নাহে ইউক্ৰেইন। ৰাছিয়াই ইউক্ৰেইনৰ শান্তিপূৰ্ণ অঞ্চলত আক্ৰমণ আৰম্ভ কৰিছে। এই যুদ্ধ ৰাছিয়াৰ আগ্ৰাসনৰ যুদ্ধ। বিশ্বই পুটিনক যুদ্ধৰ পৰা বাৰণ কৰা উচিত। এতিয়াই এই কাম কৰাৰ সময়।

ৰাছিয়া সমৰ্থিত বিচ্ছিন্নতাবাদীসকলে বুধবাৰে পূৱ ইউক্ৰেইনত তেওঁলোকৰ ভূখণ্ডত কেইবাটাও বিস্ফোৰণৰ খবৰ পোৱাৰ পাছত এই সংঘৰ্ষই ৰূপ লৈছিল ভয়ংকৰ ৷ যাৰ ফলত তিনিজন অসামৰিক লোকৰ মৃত্যু হোৱাৰো অভিযোগ উত্থাপন হৈছে। বিদ্ৰোহী নেতাসকলে ৰাছিয়াক ইউক্ৰেইনৰ আক্ৰমণ প্ৰতিহত কৰাত সহায় কৰিবলৈ সামৰিক সহায় বিচাৰিছিল।

উল্লেখ্য যে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সামৰিক অভিযানৰ নিৰ্দেশ দিছে ৰাছিয়ান সেনাক।

Category