ভয়ংকৰ! মাতৃৰ কোলাৰ পৰা কাঢ়ি নি দাৰে ঘপিয়াই হত্যা ৩ বছৰীয়া শিশুক

Baby Death

কাছাৰত ভয়ংকৰ ঘটনা। মাতৃৰ কোলাৰ পৰা কাঢ়ি নি দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা ৩ বছৰীয়া শিশুক।

ধলাই জামালপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। কামাল উদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে গোচৰ।
শিশুটিৰ মৃত্যুৰ খবৰ পাই উত্তেজিত ৰাইজে জ্বলাই দিয়ে অভিযুক্তৰ বাসগৃহ। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত হত্যাকাৰীক আটক কৰিছে।

উল্লেখ্য যে, কালামৰ ঘৰ ধলাই বিধানসভা সমষ্টিৰ জমালাপুৰত। পুৰ্বে কেবাবাৰো জেল খাটি অহাৰ পাছত গাঁৱৰ মানুহে কালামক গাঁৱৰ পৰা উলিৱাই দিছিল৷ তাৰ পাছৰ পৰা শ্যামাচৰ নগাঁৱত এটা ঘৰত বসবাস কৰি আছিল কালামে। স্থানীয় লোকে জনোৱা মতে, কালাম অলপ মানসিকভাবে অসুস্থও আছিল।

Category
Profile picture for user UB Photos