লখিমপুৰত এন এছ ইউ আই আৰু আৰক্ষীৰ মাজত হতাহতি! প্ৰতিবাদ চলি থকাৰ মাজতে সৃষ্টি হয় সংঘৰ্ষৰ

Protest

লখিমপুৰত এন এছ ইউ আই আৰু আৰক্ষীৰ মাজত হতাহতি।

লখিমপুৰ নগৰৰ পৰিবহন নিগমৰ আস্থানৰ সন্মুখত বিয়লি প্ৰতিবাদ সাব্যস্ত কৰিছিল এন এছ ইউ আইয়ে।

কংগ্রেছ নেতাৰ বিৰুদ্ধে অসম্মানজনক মন্তব্য দিয়াৰ অভিযোগ তুলি মূখ্য মন্ত্রী আৰু প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

protest

উল্লেখ্য় যে, প্ৰতিবাদৰ মাজতে পথৰ ওপৰতে শুই পৰি পথ অৱৰোধ কৰে প্ৰতিবাদ কাৰী সকলে। 

এই লৈ আৰক্ষীৰে হতাহতি হয় প্ৰতিবাদকাৰীৰ সৈতে। টনা আজোৰাত পৰি যায় আৰক্ষীৰ লোক আৰু লগে লগে প্ৰহাৰ কৰে প্ৰতিবাদ কাৰীক।

Protest

বহু সময় ধৰি এনে উত্তাল পৰিবেশ অব্যাহত থকাৰ পাছত প্ৰতিবাদ থলীত উপস্থিত হয় এগৰাকী দণ্ডাধীশ।

অৱশেষত দণ্ডাধীশৰ বুজনিত  প্ৰতিবাদকাৰী সকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে। 

Category
Profile picture for user UB Photos