হঠাতে মহানগৰীত শুকুলা দলিচা! সৰস্বতী পূজাৰ উছাহৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা, বৰষুণ

Guwahati Heavy Rainfall

মহানগৰীৰ চৌদিশে শুকুলা দলিচা। হঠাতে অহা এজাক বৰষুণে নমাই আনিলে প্ৰচণ্ড শিলাবৃষ্টি।

আজি দিনৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ অহাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি হয়।

কিন্তু এই প্ৰচণ্ড বৰষুণ শিলাবৃষ্টিয়ে ৰাজ্যত ম্লান কৰিলে সৰস্বতী পূজাৰ আনন্দ।

stone

দুপৰীয়ালৈ সকলোৱে আনন্দেৰে উদযাপন কৰি আছিল সৰস্বতী পূজা। কিন্তু তাৰ পিছতে আহিল বৰষুণ, ধুমুহা, শিলাবৃষ্টি ।

hilstrom

ভয়ংকৰ শিল বৰষুণৰ ফলত সৃষ্টি হৈছে যান-জঁটৰ। মহানগৰীৰ মালিগাঁৱত যান বাহনসমূহ শিল বৰষুণৰ ফলত বাটতে ৰখাই থব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ধুমুহাই তাণ্ডৱ চলাইছে। বিভিন্ন ঠাইত গছ উঘালি পৰাৰ লগতে বিদ্যুত সংযোগ ব্যাহত হৈ পৰিছে।

Category
Profile picture for user UB Photos