গুৱাহাটীৰ হায়াত চিকিৎসালয়ৰ ওচৰৰ নলাত এজন লোকৰ মৃতদেহ উদ্ধাৰ!

Deadbody Found

এক চাঞ্চল্যকৰ ঘটনা, গুৱাহাটীৰ হায়াত চিকিৎসালয়ৰ ওচৰৰ নলাত এজন লোকৰ মৃতদেহ উদ্ধাৰ।

মৃত ব্যক্তিজনক চন্দ্ৰ বৈঠা বুলি চিনাক্ত কৰা হৈছে। চন্দ্ৰ বৈঠা বিহাৰৰ বাসিন্দা আছিল, গুৱাহাটীৰ ওদালবাক্ৰা অঞ্চলত ধোবী হিচাপে কাম কৰিছিল বৈঠা।

৫০ বছৰীয়া ব্যক্তিজনৰ ওদালবাক্ৰাত এখন লণ্ড্ৰী দোকান আছিল, তেওঁ যোৱা ২২ বছৰ ধৰি অসমত বাস কৰি আছে।

ওদালবাক্ৰা আৰক্ষী সেই স্থানত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে প্ৰেৰণ কৰে। আনহাতে, ধোবী জনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Category
Profile picture for user UB Photos