ভাৰততে উপলব্ধ এই ফুল, যি ফুলৰ পাহিত আছে ক’ৰোনা ভাইৰাছ নাশকাৰী গুণ

Flower

ক’ভিডৰ ভয়াৱহ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত। দৈনিক লাখৰ ঘৰত সংক্ৰমিত হৈছে ক’ৰোনা। বৰ্তমান দেশৰ অধিকাংশ লোকেই ক’ভিডৰ ভেকচিন গ্ৰহণ কৰিছে যদিও তাৰ অনুপাতে হ্ৰাস হোৱা নাই সংক্ৰমণ।

ক’ভিড সংক্ৰমণে দেশবাসীক জুৰুলা কৰাৰ সময়তে হিমাচল প্ৰদেশত আৱিষ্কাৰ হৈছে ক’ৰোনা ভাইৰাছ বিনাশ কৰিব পৰা এপাহ বিশেষ ফুল। হিমালয়ৰ পাৰ্বত্য অঞ্চলত উপলব্ধ এই ফুলপাহৰ নাম হ’ল ৰডোডেনড্ৰন আৰ্বৰিয়াম। এই ফুলপাহৰ পাহিত আছে ক’ৰোনাক নাশ কৰিব পৰাৰ ৰাসায়নিক ক্ষমতা।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, মান্দিৰ গৱেষক সন্থাৰ মন্তব্য অনুসৰি হিমালয়ত পোৱা এই উদ্ভিদ-হিমালয়ান বুৰান্স অথবা ৰডোডেনড্ৰন আৰ্বৰিয়ামত আছে ক’ভিড-১৯ৰ সৈতে যুঁজ দিব পৰা বহু গুণাগুণ। গৱেষক দলৰ মন্তব্য অনুসৰি ক’ভিড মহামাৰীয়ে দুবছৰ ধৰি সমগ্ৰ দেশত সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে গৱেষকসকলে ক’ৰোনা ভাইৰাছৰ প্ৰকৃতি অধ্যয়ন কৰিবলৈ চেষ্টা কৰাৰ লগতে সংক্ৰমণ ৰোধৰ বাবে নতুন নতুন পথ উদ্ভাৱনৰ চেষ্টা চলাইছে।

এই ফুলপাহ হিমালয়ৰ লোকসকলে বিভিন্ন উপকাৰীতাৰ বাবে ব্যৱহাৰ কৰে। বৰ্তমান সময়ত ক’ৰোনা ভাইৰাছক সম্পূৰ্ণৰূপে বিনাশ কৰিবৰ বাবে চিকিৎসক আৰু বিজ্ঞানীসকলে হাবাথুৰি কৰাৰ সময়তে হিমালয়ৰ ৰডোডেনড্ৰন ফুলৰ পাহিত থকা (ফাইটোকেমিকেল) ৰাসায়নিক পদাৰ্থৰ পৰা প্ৰস্তুত কৰিব পৰা ক’ভিডৰ ঔষধে ভাৰতৰ চিকিৎসা ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে সম্ভাৱনা।

Category
Profile picture for user UB Photos