দ্বিতীয় দিনৰ বাবে নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী, উন্মোচন কৰিলে বটদ্ৰৱা থানৰ কীৰ্তন ঘৰ

Assam CM inaugurates the Kirton Ghar of Batadrawa Than Today

দ্বিতীয়টো দিনৰ বাবে নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰৱা থানত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী।
মুখ্যমন্ত্ৰীৰ আগমনক লৈ উখল-মাখল পৰিৱেশ ঐতিহাসিক বটদ্ৰৱা থানত।

ন-ৰূপত নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা থানৰ কীৰ্তনঘৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৈকুণ্ঠপুৰী বটদ্ৰৱাত গুৰুজনাই প্ৰতিষ্ঠা কৰা বটদ্ৰৱা থানৰ নৱনিৰ্মিত কীৰ্তন ঘৰৰ শুভ উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

গুৰু আসন প্ৰতিষ্ঠাৰ কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পিছতে প্ৰথমবাৰৰ বাবে বটদ্ৰৱাৰ দাঁতিকাষৰীয়া মুছলমান অধ্যুষিত এলেকাত থকা কোৱাইকটা সত্ৰও দৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ব বটদ্ৰৱাৰ ঐতিহাসিক শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত।

Category
Profile picture for user UB Photos