গোপনে বিবাহপাশত আৱদ্ধ হ’ল ‘মহাদেৱ’

Mahadev

‘দেৱো কা দেৱ মহাদেৱ’ খ্যাত অভিনেতা মোহিত ৰাইনা নতুন বছৰৰ আৰম্ভণিতে দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিল।

wedding

প্ৰেমিকা অদিতিৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হ’ল মোহিত ৰাইনা। মিডিয়াৰ পৰা আঁতৰত থাকি চিৰ জীৱনৰ বাবে একেলগে থকাৰ অংগীকাৰ লয় মোহিত-অদিতিয়ে। । ইয়াৰ পাছতেই নৱ বিবাহিত পত্নীৰ সৈতে ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি মোহিতে, লগে লগে ভাইৰেল হৈ পৰে ফ’টো।

কাশ্মীৰত জন্মগ্ৰহম কৰা জনপ্ৰিয় অভিনেতা মোহিত ৰাইনা মুম্বাইত প্ৰথমে মডেলিঙৰ কেৰিয়াৰ আৰম্ভ কৰি সৰু পৰ্দাত ভুমুকি মাৰিবলৈ সুবিধা পায়। তাৰ লগে লগে ‘দেৱো কা দেৱ-মহাদেৱ’ ধাৰাবাহিকখনৰ জৰিয়তে ঘৰে ঘৰে বিশেষ খ্যাতি লাভ কৰে মোহিতে।

mohit raina

মহাদেৱ ভূমিকাত অভিনয় কৰি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে মোহিত ৰাইনাই বলীউদৰ সৰ্বাধিক চৰ্চিত ছবি উৰি দ্যা চাৰ্জিকেল ষ্ট্ৰাইকতো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

Category
Profile picture for user UB Photos