এতিয়াৰে পৰা APSC আৰু UPSCৰ দৰে এখন ব’ৰ্ডে অনুষ্ঠিত কৰিব সকলো চাকৰিৰ পৰীক্ষা। বেলেগ বেলেগ বিভাগৰ চাকৰিৰ কাৰণে বেলেগ বেলেগ পৰীক্ষা দিব নালাগে। এই নতুন প্ৰক্ৰিয়াত জৰিয়তে হ’ব ১ লাখ নিযুক্তি। পৰীক্ষামূলকভাৱে দিয়া হ’ব এই নিযুক্তি।
আজি সদনত গৃহীত হ’ল এই সম্পৰ্কীয় বিল, ‘‘The Assam Direct Recruitment Commissions for Analogous Posts in Class-III and Class-IV Bill, 2021’’। ইয়াৰ ফলত কোনো ব্যক্তিগত সংস্থাক এতিয়াৰে পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া নহয়।
Category
- Log in to post comments