পানামা পেপাৰ লীক গোচৰত মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ EDৰ চমন

Aishwarya Rai Bachchan

আজি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ প্ৰশ্নবাণৰ সন্মুখীন হ’ব বলীউডৰ মোহময়ী অভিনেত্ৰী তথা মেগাষ্টাৰ ঐশ্বৰ্য ৰায় বচ্চন। বিতৰ্কিত পানামা পেপাৰ্ছলিক গোচৰত সোমাই পৰিছিল। সেইবাবে আজি এই সন্দৰ্ভত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিনেত্ৰীগৰাকীলৈ চমন জাৰি কৰিছিল।

পূৰ্বেও সোধ-পোছৰ বাবে অভিনেত্ৰীগৰাকীলৈ দুবাৰ চমন জাৰি কৰিছিল তদন্তকাৰী সংস্থাটোৱে। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত অধিক সময় বিচাৰিছিল।

উল্লেখ্য যে, ২০১৬ চনত পানামা পেপাৰ্ছ কেছ(Panama Papers case) লিক হৈছিল আৰু সংবাদ মাধ্যমৰ হাতত পৰিছিল ফাদিল হোৱা লাখ লাখ নথি-পত্ৰ। ইয়াৰ পাচতে আৰম্ভ হয় তদন্ত প্ৰক্ৰিয়া। এই গোচৰটোৰ সৈতে বিশ্বৰ বহু ধনী আৰু প্ৰভাৱশালী ব্যক্তিৰ নাম সাঙোৰ খাইছে।

Category
Profile picture for user UB Photos