জ্যেষ্ঠ বিজেপি নেতাক গামোচা পিন্ধাই ভৰি ধুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই;

Assam CM

শুকুৰবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

মঙ্গলদৈত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ভৰি ধুৱাই দিলে জ্যেষ্ঠ বিজেপি নেতাসকলৰ। মুখ্যমন্ত্ৰীৰ এই মহানুভৱতা দেখি আচৰিত হৈ পৰিল সকলো। ভৰি ধুৱাই, সকলোকে গামোচা পিন্ধাই  সেৱা কৰি অনাগত দিনৰ বাবে আশীৰ্বাদ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে দৰং জিলাৰ বিজেপিৰ মুখ্য কাৰ্যালয়। মঙ্গলদৈত দলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি ১৭ গৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাক ভৰি ধুৱাই আশীৰ্বাদ লয় মুখ্যমন্ত্ৰী শৰ্মাই।

Category
Profile picture for user UB Photos